Friday, August 23, 2013

বান্তাই পুতেকক কৈছে – বেটা, তই কালৈকো ভয় নকৰিবি | তইতো সিংহৰ পুতেক |

পুতেক – হয়, পাপা | স্কুলত মাষ্টৰণী বাইদেৱে সেই কথাকে কয়, পাপা | কয়, বোলে তই নিশ্চয় কোনোবা জানোৱাৰৰ পুতেক |
কল দোকানীৰ সৰু পুতেকটোক এজন গ্রাহকে প্রশ্ন কৰিলে : হেৰা, কলৰ যোৰা কিমান ??
: পাঁচ টকা যোৰা ।
: কি ক'ৱ অ' ল'ৰা । দুটাৰ যোৰাৰ কলক পাঁচ টকা কৈছ যে ! তোকতো ভালকৈ এক পিটন দিয়া উচিত ।
: নাই,নাই মাৰধৰ নকৰিব । দুটকাটেই নিয়ক । দেউতা আহিলে ক'ম -----এটা বান্দৰ আহি কল দুটামান খাই গুচি গ'ল ।
আমাৰ চকু দুটা এটা আনটোৰ পৰম বন্ধু ।
.
.
.
কোনো বস্তু চাবলৈ হ'লে দুয়োটাই
একেলগে চায় ।
.
.
.
দুখত দুখী হ'লে দুয়োটাৰ পৰা
একেলগে চকুঁলো ওলায় ।
.
.
.
ৰাতি শুওতে দুয়োটা একেলগে মুদ খায় ।
.
.
.
.
.
.
.
.
.
.
.

কিন্তু কোনো ছোৱালীক চকুটিপ মাৰিবলৈ এটা চকুহে ব্যবহাৰ কৰিব লগা হয় ।

MORAL : Girls can break any relation..

Phone Call

এটা অচিনাকি ফোন,
লৰা- তোমাৰ BOY FRND আছে নে?
ছোৱালীঃ অ আছে! আপোনী কোন?
লৰাঃ তৰ দাদাৰে। ৰ হাৰাম জাদ্দি ঘৰ আহি তোক দি আছো।
অলপ পিছত আৰু এটা অচিনাকি ফোন আহিল,
লৰাঃ তোমাৰ BOY FRND আছে নেকি?
ছোৱালীঃ অ নাই নাই!!! আপোনী কোন?
লৰাঃ মই তোমাৰ BOY FRND!!! তুমি মোৰ DIL টো ভাঙি দিলা।
ছোৱালীঃ SORRY JANU, মই ভাবিছিলো মোৰ দাদা বুলি। I LV U SWTHEART.
লৰাঃ তৰ দাদাৰেয়ে মই। ৰ হাৰাম খোৰ মোক ঘৰ যায় লবা দি।

Exam...

নগেন আৰু ভদৰামে পৰীক্ষা দি আছিলে।
প্রশ্নকাকত আছিলে বৈদ্য tough
নিৰীক্ষকজন আকৌ সাংঘাতিক কাঢ়া। কাকো নকল মাৰিবলৈ সুযোগ দিয়া নাই।
নগেন-ভদৰামে টুকলি উলিয়াব পৰানাই, কিয়নো নিৰীক্ষকে মিনিট মিনিটে পাক মাৰি আছে।
এনেতে নগেনে টুকলি এটা লৈ নিৰীক্ষকৰ হাতত দিলেগৈ। সেইটো পঢ়ি নিৰীক্ষকে চকীত গৈ যি বহিল আৰু নুঠিলেই!

গোটেই ক্লাছৰ লৰাবোৰে বিন্দাছ পৰীক্ষা দিলে। পৰীক্ষা শেষ হোৱাৰ পিছত লৰাবোৰে আহি নগেনক চাবাচী দিলে..."তই ছাৰক কি যাদু কৰি অ", বহিল যে বহিয়েই থাকিল!"

নগেন- মই টুকলি এটা লিখি ছাৰক দিলোঁ- "ছাৰ আপোনাৰ পেণ্টটো পিছফালে ফটা!"

Bagh

নগেন আৰু হৰেন হাবিলৈ গৈছিল। কিবা কাৰণত দুয়োটাৰ মাজত তৰ্কা-তৰ্কি হ'ল। এনেতে হঠাতে সন্মুখত বাঘ এটা ওলালহি। হৰেনে উপস্থিত বুদ্ধিৰে বাঘটোৰ চকুত এমুঠি ধূলি মাৰি চিঞৰি উঠিল,

"… পলা…"

.

নগেন: (খং-এৰে ক'লে)

…মই কেলেই পলাম…??







তইহে বাঘটোৰ চকুত ধূলি মাৰিছিিল…!!

সোণৰ মোবাইল

খৰিকটীয়াৰ কাহিনীটো মনত আছে নে?
নদীৰ পাৰত কুঠাৰেৰে গছ কাতি থাকোঁতে যে কুঠাৰখন চিলিপ হৈ পৰি গৈছিল পানীৰ মাজত? তাৰ পিছত জলদেৱী প্ৰকট হৈ প্ৰথমতে সোণৰ, ৰূপৰ কুঠাৰ দিওঁতেও যে খৰিকটীয়াই মানা কৰি দি নিজৰ কুঠাৰখন হে খুজিছিল? আৰু তাকে দেখি খুচ হৈ জলদেৱীয়ে গোটেই তিনিটা কুঠাৰেই তেওঁক দি দিছিল?

দত্তৰো মনত আছে কাহিনীটো...

হ’ল কথাটো এনেকুৱা...
এদিন গোলাঘাটৰ পৰা বাদাম কিনিবলৈ দত্ত গুৱাহাটীলৈ আহিছিল| বাদাম কিনি লোভতে অলপ বেছিকৈ গলিয়াই দিলে চাগে| লাগিল নহয়| মানে ২ নম্বৰটো... |

বিচাৰি বিচাৰি এখন সুলভ শৌচালয় পালেগৈ|
দৌৰ মাৰি ভিতৰত বহি আমেজ লৈ থাকোঁতেই আহিল নহয় কাৰোবাৰ ফোন... ফোনটো ৰিচিভ কৰিবলৈ লওঁতেই চিলিপ হৈ ফোন চিধা একেবাৰে মেইন জেগাতে পৰিল|

মাত্ৰ ৪ দিনৰ আগতে ১২, ০০০ টকা দি কিনা ফোন... বৰ হেঁপাহত কিনিছিল দত্তই ফোনটো, অসমীয়া লিখিবও পাৰি ফোনটোত, গেম খেলিবও পাৰি, দুখন চিম ভৰাবও পাৰি, ধেৰ কনটেক্ট নাম্বাৰো আছে...
তাকে ভাবি ভাবি দুখতে দত্তৰ সেইভাগেই চকুপানী ওলাবলৈ ধৰিলে| চকুপানী কি, কান্দোনেই ওলাই আহিল....

দত্তৰ দুখ সহিব নোৱাৰি টয়লেট-দেৱী প্ৰকট হ’ল নহয়... আহি তেওঁ দত্তক ফোন এটা আগবঢ়াই দিলে...
- "হোঁ ল’, নাকান্দিবি অ’ বাচা"
ফোনটোলৈ চাই দত্তই ক’লে- "মোক সোণৰ ফোন নালাগে দেৱী, মোক মোৰ আচল ফোনটোকেই উভোতাই দিয়ক না পিলিজ"

দেৱীয়ে ভেকাহি মাৰি ক’লে- "ধুৰ, এইটো তোৰেই ফোন হয়| সোণৰ নহয়| ভালকৈ ধুই ল’লে দেখিবি, সোণালী ৰংটো আঁতৰি গৈছে|"

দত্ত- "হি হি হি, থেংকিউ দেই"