Monday, October 14, 2013

wrong number

মহিলা এগৰাকীয়ে বেলেগ এখন চহৰত চাকৰি পালে । তাত গৈ পায়ে মহিলা গৰাকীয়ে নিজৰ মানুহ জনলৈ msg এটা দিলে । msg টো ভুলতে বেলেগ এজন মানুহৰ তাত গুচি গল ।

যাৰ ওচৰত msg টো গ'ল, সেই মানুহ জনে নিজৰ পত্নিৰ অন্তষ্টিক্ৰিয়া কৰি আহিছিল ।

মানুহ জনে msg টো দেখাৰ পিছতে বেহুচ হৈ গ'ল...............

msg টো এনেকোৱা আছিল...........

মই ইয়াত ভালদৰে আহি পালোহি ।

ইয়াতে মোবাইলৰ সুবিধাও আছে ।

তুমি বেছি চিন্তা কৰি নাথাকিবা ।

২, ৩ দিনৰ পিছত তোমাকো মোৰ ওচৰত লৈ আহিম .....


.

.

.

.

.

.

হাহাহাহাহাহা........
এটা লাভ চ্টোৰি, 

এছন বোবা আৰু এজনি কলা (কাণেৰে নুশুনা) ছোৱালীৰ প্ৰেম কাহানী। বোবাই যেতিয়া যোৰে যোৰে গান গায় তেতিয়া কলা ছোৱালীজনীয়ে গান শুনি দৌৰি আহে। তেনেকে সিহতে প্ৰেমত মতলীয়া হৈ আছিলে। এদিন ছোৱালীজনীৰ অন্ধ খুড়াকে দূৰৰ পৰা দেখা পালে, সিহত দোজনক তেনেকে দেখা পায় ছোৱালীজনীৰ দেউতাকৰ ওচৰত যায়। ছোৱালীৰ দেউতাকৰ দুখন ভৰিয়ে নাই। যেতিয়া ছোৱালীৰ খুড়াকে দেউতাকক কয়, তেতিয়া দেউতাক খংত জলি পকি যায় আৰু বহি থকাৰ পৰা ঠিয় হৈ চুৰি খন হাতত লৈ গাড়ীত বহি চাইকেলৰ পেদেল জোৰেৰে মাৰি ঘোৰাৰ পৰা নামে, আৰু ঘোৰাৰ পৰা নামি দৰ্জাখন খংত যোৰেৰে বন্ধ কৰি দিয়ে, আৰু পকেতৰ পৰা চুৰি খন ওলোৱাই লৰা জনক গুলিয়াই দিয়ে, তিৰ লগাৰ লগে লগে লৰাজন মৰি যায়।

বন্ধুসকল প্ৰেম কাহানী ইমানতে শেষ হোৱা নাই আৰু আছে।

পুলিচ জিপচিৰে আহে আৰু গৰু গাড়ীৰে নামে। ছোৱালীৰ দেউতাকক থানাত ঠেলাৰে লৈ যায়। থানাত পোৱাৰ লগে লগে তেওক হস্পিতালত সোমাই দিয়ে।

সমাপ্ত

মদাহীৰ বিলৈ.

দুজন বন্ধু মদৰ ৰাগিত মাতাল হৈ টোপনি গল । টোপনিত এজনে ভয়ংকৰ সপোন এটা দেখিবলৈ ধৰিলে.....

সপোনত দেখিছে যে সি ঢুকাল । ঢুকুৱাৰ পিছত সি শৰগ পালেগৈ । শৰগত ইফালে সিফালে ঘুৰি আছে, আৰু তাৰ ঘৰৰ কথা মনত পৰি বহুত দুখ লাগি আছে ।লৰা, ছোৱালি হাল আৰু ঘৈনিয়েকে এতিয়া কি কৰিবো, কি খাবো, কেনেকৈ চলিবো ।

সি বহুত কান্দি আছে,আৰু দৌৰি আছে । গৈ থাকতেই মহাদেৱক দেখা পালে, দেখা পায়ে মহাদেৱৰ ভৰিত সাৱটি ধৰিলে, আৰু তাৰ মনৰ দুখৰ কথা কবলৈ ধৰিলে । 

হে ভোলানাথ মই নাথাকিলে লৰা, ছোৱালি হাল নাখায় মৰিবো ।তাৰ দুখ দেখি মহাদেৱৰো দুখ লাগিল । তেতিয়া মহাদেৱে এটা পৰামৰ্শ দিলে.............

সেই যে মন্দিৰটো দেখিছা, তাত গৈ এগচি চাকি জলাই দিবি । ছাই থাকিবি চাকিগচ যাতে ২৪ ঘন্টা জলি থাকে । ২৪ ঘন্টা পিছত তই পুনৰ জীৱন পাবি ।আৰু ঘৰলৈ যাবো পাৰিবি ।

সি অলপো পলম নকৰি চাকি এগচি জলাই দিলে। আৰু তাতে বহি চাকিৰ ফালে ছাই আছে । ২ ঘন্টা পিছতে চাকিৰ তেল সেখ হৈ চাকি নুমাও নুমাও হল। এতিয়া কি কৰে, ইফালে সিফালে ছাই দেখে ..চাৰিও ফালে চাকি জলি আছে। উপায় নাপায় অলপ অলপ কৰি বেলেগ চাকি বোৰৰ পৰা আঙুলিৰে তেল আনি নিজৰ চাকিত দি আছে ...............

সেই সময়তেই এটা প্ৰচন্ড ঘোচা তাৰ মুখত পৰাত, সি জাপ মাৰি উঠি ..কি হল, মোক মাৰিলি কিয় বুলি গৰগৰাই উঠিল ।

লগত শুই থকা বন্ধ জনে চকু ডাঙৰ কৰি কলে........তই তোৰ কানত আঙুলি ভৰাই মোৰ মুখত দিছা মই একো কোৱা নাই .....

তই তোৰ নাকত আঙুলি ভৰাই মোৰ মুখত দিছা তথাপি একো কোৱা নাই ।

চাল্লা.. তই যেতিয়া তোৰ পোকৰত আঙুলি ভৰাই মোৰ মুখত দিবলৈ আহিছ , তেতিয়া আৰু মই ৰৈ থাকিব নোৱাৰিলো.................................................................................................

.............................. প্ৰকান্ড গোৰ এটা মাৰি দিলো !!!!!!
শিক্ষক- তোমাৰ নাম কি?
ছাত্র- নাজানো ছাৰ
শিক্ষক- তোমাৰ দেউতাই কিমান স্পীডত গাড়ী চলায়?
ছাত্র- নাজানো ছাৰ
শিক্ষক- মুৰ্গীয়ে কি পাৰে?
ছাত্র- নাজানো ছাৰ
শিক্ষক- অলগৰ্ধ ক'ৰবাৰ! কাইলৈ ঘৰৰ পৰা শিকি আহিবা!

ল'ৰাটো ঘৰলৈ গৈ..
ল'ৰা- দেউতা তোমাৰ নাম কি?
দেউতাক- অলগৰ্ধ..মোৰ নামটোকে নাজান? নবীন আঠপৰীয়া!
ল'ৰা- তুমি কিমান স্পীডত গাড়ী চলোৱা?
দেউতা- ফুল স্পীডত।
ল'ৰা- মুৰ্গীয়ে কি পাৰে?
দেউতা- কণী পাৰে

পিছদিনা স্কুলত
শিক্ষক- যোৱাকালিৰ প্রশ্নৰ উত্তৰবোৰ কোৱা
ছাত্র- নবীন আঠপৰীয়াই ফুল স্পীডত কণী পাৰে!
তিনিজন বন্ধুৱে কথা পাতি আছে।
১ম বন্ধু:আগতে আমাৰ ঘৰত ককাৰ দিনত বি-ৰা-ট ডাঙৰ কঁঠাল গছ এজোপা আছিল,যিডাল গছ এশজন মানুহে সাৱটিও নাপাইছিল।
২য় বন্ধু:আমাৰ ককাৰ এজনী গাই আছিল,যিজনীৰ এটা শিঙৰ পৰা আন এটা শিঙলৈ চৰাই উৰি গ'লে মাটিত পৰি জিৰাই লৈছিল।
৩য় বন্ধু:আমাৰ ককাৰ আকৌ এটা ডাঙৰ ঢোল আছিল,যিটোৰ এফালে বজাই আনফালে বজাবলৈ গ'লে এজন মানুহে বাটত এসাঁজ ভাত খাই ল'ব লাগে।
১ম বন্ধু:থ থ হেৰৌ,ইমান ডাঙৰ ঢোল বনাবলৈ কাঠ ক'ত পাব ?
৩য় বন্ধু:কিয় তহঁতৰ ককাৰ কঁঠালজোপাৰ পৰা আকৌ।
২য় বন্ধু:সেইবুলি ইমান ডাঙৰ ঢোল চোৱাবলে গৰুৰ ছাল ক'ত পাব অ' ?
৩য় বন্ধু:তহঁতৰ ককাৰ গাইজনীৰ পৰা আকৌ।
আজি পুৱাতে পোৱালী এটাই বিছনাতে টুপী পিন্ধাই থৈ গ’ল|

পোৱালী: দা দা কোৱাচোন ৰাবণে ৰামৰ লগত যুদ্ধ কৰোতে কিহত উঠি কৰিছিল?
মই: পুস্পক ৰথ| ব’ৰ নকৰিবি, শুবলৈ দে|
পোৱালী: আৰু ৰামে?
মই: নেজানো, গৰুগাডী চৰুগাডী হ’ব চাগে| বনবাসত আছিল নহয় তেতিয়া|
পোৱালী: নহয়, ৰামে নেন’ত উঠি আক্ৰমণ কৰিছিল| টাটা নেন’ত| হি হি হি|
মই: কেনেকৈ??
পোৱালী: চলাও না নেন’ চে বাণ ৰে, জান লেল’ না ৰাম (জান) ৰে!!!!!
এই গানটো ৰাবণে ভয়তে গাইছিল।।

পোৱালী: কোৱাচোন, দুডাল কাৰেন্টৰ তাঁৰৰ মাজত যদি Love হৈ যায় তেন্তে তাক কি বুলি কয়?
মই: নেজানো, মই এইবোৰ কথা শুণাও নাই|
পোৱালী: Current Affair.!! হাৰিলা, একো নেজানে, ইয়া হু|
পোৱালী: আৰু এটা লাষ্ট|
মই: ক ক|

পোৱালী: বীৰেণ আংকলৰ তপা মূৰত এসময়ত দুডাল চুলি আছিল, এডালে সিডালক খুব ভাল পাই, কিন্তু সিহঁতে বিয়া পাতিব নোৱাৰে| কিয়?
মই: চুলিয়ে বিয়া পতাৰ কথা তই ক’ত শুণিলি? (আচলতে হায়ৰাণ একো উত্তৰ দিব পৰা নাই)
পোৱালী: কিয় নেজানা নেকি- ভাৰতত “বাল বিবাহ” নিষিদ্ধ| হি হি হি
বাপেক- পুতেকৰ কথোপকথন

পিতাই- মোৰ বাবে ড্রিংকছ এটা লৈ আহাঁ চোন দোকানৰ পৰা
পুতাই- হট ড্রিংকছ নে ক'ল্ড ড্রিংকছ?
পিতাই- অফক'ৰ্ছ ক'ল্ড ড্রিংকছ
পুতাই- পেপচি নে কোক?
পিতাই- পেপচি
পুতাই- বটল নে কেন্ ?
পিতাই- বটল
পুতাই- সৰু বটল নে ডাঙৰ বটল?
পিতাই- সৰু বটল
পুতাই- নৰ্মেল নে ডায়েট?
পিতাই- ধুৰ..নালাগে যা! পানী এগিলাচকে দে
পুতাই- গৰম পানী নে ঠাণ্ডা পানী?
পিতাই- অফক'ৰ্ছ ঠাণ্ডা
পুতাই- খাবলৈ নে use কৰিবলৈ?
পিতাই- মাৰ খাবি দেই এতিয়া
পুতাই- কিহেৰে মাৰিবা, হাতেৰে নে চেকনীৰে?
পিতাই- প'লা ইয়াৰ পৰা
পুতাই- কেনেকৈ পলাম, খোজ কাঢ়ি নে দৌৰি?
পিতাই- অসভ্য...দিনে দিনে জানোৱাৰ হ'ব ধৰিছ!
পুতাই- কি জানোৱাৰ, কুকুৰ নে গাহৰি?
পিতাই- তোক মই কাটি টুকুৰা কৰিম
পুতাই- কিহেৰে কাটিবা, দাৰে নে বঠিৰে?
পিতাই- বঠিৰে
পুতাই- টুকুৰাবোৰ সৰু কৰিবানে ডাঙৰ ?
পিতাই- হাৰামজাদা তই গলি???
পুতাই- অকলে যাম নে তোমাৰ লগত যাম?
পিতাই- হে ভগৱান, মোৰ প্রেছাৰ উঠিব ধৰিছে
পুতাই- হাস্পতাললৈ যাবা নে ডাক্তৰ মাতিম?
পিতাই- মোক পানী এগিলাচ দে অ বোপাই
পুতাই- খাবলৈ নে মূৰত দিবলৈ?

আৰু নিলিখোঁ দেই....বাপেকটো মৰি থাকিব !
Jayanta দাৰ পাচদিনীয়া বিয়া উত্সৱৰ গ্ৰেইট ফিনালেৰ দিন .. মানে সেই কিবা বোলেনে ফুলশয্যাৰ নিশা...
নিশা দাদা কেঠাৰ ভিতৰলৈ সোমাই গ'ল... বৌয়ে উৰণিখন টানি কুছি মুছি বিছনাৰ চুক এটালৈ গ'ল..
......
দাদাই বৌৰ একেবাৰে কাষ পালেগৈ......
মুখখন বৌৰ ওচৰলৈ আগবঢ়াই নিলে....
ওচৰলৈ..
.....
.....
আৰু ওচৰলৈ....
আৰু ক'লে....

,,,,,,,
;;;;;;;
.......
হেৰা, তুমি আজি নিশা ইয়াতে থাকিম বুলি ঘৰত কৈ আহিছাতো???
পূজা বুলি…, অলপ বেছিকৈয়ে 'মাল' খাই দিলো। 

বাৰান্দাত, ঠেলি-ঠেলি কোনোমতে 'বাইক'খন উঠালো। তাৰপাছত দৰ্জা বন্ধ কৰিয়েই, চিধা বিচনাত বাগৰি দিলো। বেহুচ…! মাজনিশা হঠাৎ দেখিলো, দূৰ্গাদেৱী মোৰ সন্মুখতে ৰৈ আছে। জীৱ বাহিৰ হৈ গ'ল বাপ্পেকে…! কি জগৰ লগালো মই…? মইতো গা-ধুই সেৱা জনাইছিলো, ৫টকাও দিছিলো, "জয় দূৰ্গা মাইকী" (?) বুলি চিঞৰিও দিছিলো…, তেন্তে…?? 

"…হে আই, নাজানিহি অপৰাধ' হৈল' মোৰ'…", - বুলি, কিবা ব্ৰজাৱলী জাতীয়, ভাষা এটাই মুখৰ পৰা ওলাই গ'ল, ভয়ৰ চুটত। তাৰপাছত ডাইৰেক্ট পজিচন লৈ ল'লো, …'দূৰ্গা মা' -ৰ চৰণত। 

: উঠ বৎস…! 'তেল মাৰি' লাভ নাই। সৌ দাপোণ (আইনা) খনৰ ওচৰলৈ যা। তাত তোৰ চেহেৰাটো এবাৰ চাগৈ।

(সাউতকৈ উঠি আইনা খনৰ ওচৰ পালোগৈ।)

"ঔ, মা…!"
জীভা ওলাই গ'ল বাপ্পেকে…!

ই কি কথা…!! মোৰ চেহেৰাটো পূজাৰ অসুৰটোৰ দৰে হৈ পৰিল। জপৰা চুলি, দীঘল দাঁত, টেলেকা চকু…! দূৰ্গাদেৱীয়ে মোলৈ চাই অট্টহাস্য মাৰি ক'লে,

: …তোৰ মূৰত 'অসুৰে' বাহ লৈছে। ভালে-ভালে মূৰটো ছিঙি মোক দে, নহলে তোক মাৰিয়েই পেলাম।
: কিন্তু আই, মূৰটো নহলে মই কেনেকৈ জীয়াই থাকিম।
: পাৰিবি…। কিয় নোৱাৰিবি। 'মূৰ' নোহোৱাকৈয়ে কিমানে এতিয়া মন্ত্ৰী-বিধায়ক, আমোলা, ছাত্ৰনেতা, দেশপ্ৰেমিক হৈ গপগপাই ফুৰিছে, …তই কোন কূটা বে? জল্দি মূৰটো ছিঙি দে, জল্দি…!
: মই নোৱাৰো আই, ভয় লাগে।

…কথাষাৰ ক'বলৈহে পালো। চিধা আহি মোৰ মূৰটো খামোচি ধৰি, দূৰ্গামাই টানিবলৈ ধৰিলে। বিষত থাকিব পৰা নাই। এবাৰ দেৱীয়ে এফালে টানে, আনবাৰ মই আনফালে টানো।

…এইদৰে টনা-আজোৰা কৰি থাকোঁতেই, খপ্কৰে সাৰ পাই গলো। আৰু দেখিলো…

.

.

.

.

.

.

শ্ৰী মতীয়ে মোৰ মূৰৰ
'হেলমেট'-টো
খুলিবলৈ চেষ্টা কৰি আছে।
সমূহ ভাৰতীয়ৰ বাবে সুখবৰ:-টকা-পইছা দুগুণ কৰক মাত্র ৫ বছৰত।কেনেকৈ ?কৈছোঁ ৰ'ব-
.
.
.
.
.
প্রথমে আপোনালোকৰ টকাসমূহ ডলাৰলৈ ভাঙক।তাৰপিছত অহা নির্বাচনত সকলোৱে দুর্নীতিপৰায়ণ প্রার্থী বা দলক ভোট দিয়ক ,আৰু ৫বছৰ দিন অপেক্ষা কৰক।যথাসময়ত অর্থাৎ ৫বছৰ পিছত ডলাৰসমূহ পুনৰ টকালৈ ভাঙক।হিচাপ কৰি দেখিব আপোনাৰ টকা দুগুণ হৈ থাকিব।বিশ্বাস হৈছেনে ?যদি হৈছে মোক মোৰ কমিছনটো(মাত্র এটা লাইক) দিয়ক।অ' ৰ'ব কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে তলত মোৰ ফোন নাম্বাৰটো দিছোঁ।
ডাবল নাইন ফাইব ফ'ৰ টু জিৰ' মোৰ জিৰ' তাৰ জিৰ'।
তিনিবছৰীয়া কণমানিটোৰ লগত বৰুৱা আজি ঘৰত অকলে। বৰুৱানী গৈছে মহিলা ক্লাৱটোৰ লগত প্ৰতিমা বিসৰ্জন চাবলৈ।
সন্ধিয়া টোপনিৰপৰা উঠি পুত্ৰই চিঞৰ-বাখৰ লগালে খেলিবলৈ। বৰুৱাই আকৌ এই খেল-চেল ভাল নাপায়। তেওঁ কণমানিটোক ক'লে, "বাবা, আমি চাহ কৰা, চাহ খোৱা খেলিম দেই"।
সিদিনা পূজাত বৰুৱাই তাক প্লাষ্টিকৰ 'টি ছেট' এটা কিনি দিছে। কেটলী, কাপ-প্লেট সকলো আছে। সেইদিনাৰপৰা কণমানিটো সেই 'টি ছেট'ৰ লগতে ব্যস্ত। সি সেইটো উলিয়াই আপোন পাহৰা হ'ল।
বৰুৱাইও ড্ৰয়িং ৰুমত বহি একান্তমনে টিভিত নিউজ চোৱাত লাগিল।
অলপ পিছত পুত্ৰই কাপ এটাত অলপ পানী লৈ আহি বৰুৱাক দিলে -"দেতা, দেতা...চাহ"।
বৰুৱাই লাহে লাহে গোটেই পানীখিনি খাই ক'লে -"আস্ ইম্মান যে 'টেষ্টি' চাহ কৰিছা! তোমাৰ মায়ো নোৱাৰে, জানা। মই আৰু খাম দেই একাপ"। ফূৰ্তিতে ক'ব নোৱাৰা হ'ল কণমানিটো! সি আকৌ চাহ কৰিবলৈ ভিতৰলৈ লৰ মাৰিলে। এনেকৈ দুঘন্টাত বৰুৱাই তাৰ হাতৰ ছয় কাপ চাহ খালে। কিছুদেৰি পিছত বৰুৱানী আহিল।
"ই দিগদাৰ কৰিছে নেকি বাৰু? আছে নে ঠিক-ঠাক?"
"কি দিগদাৰ কৰিব? সৰু ল'ৰা-ছোৱালীক কেনেকৈ চলাব লাগে আমি ভালকৈ জানোঁ, বুজিছা! বুদ্ধি লাগিব মাত্ৰ অলপ। ইহঁতৰ লগত কেনেকুৱা খেল খেলি ব্যস্ত কৰি ৰাখিব লাগে, তোমালোকে একোৱেই নাজানা..আমি জানোঁ" - বৰুৱাই সাফল্যৰ হাঁহি এটা মাৰি কণমানি পু্ত্ৰক আকৌ একাপ চাহ আনিবলৈ চিঞৰিলে। সি অলপপৰ পিছত ভিতৰৰপৰা পানী একাপ লৈ আহিল। বৰুৱাই পত্নীলৈ চাই হাঁহি এটা মাৰি পি খালে পানী কাপ। এইবাৰ বৰুৱানী ভিতৰলৈ সোমাই গ'ল। দৌৰি ওলাই আহি বৰুৱানীয়ে চিঞৰিলে-"তুমিতো সকলো জানা, বিৰাট বুধিয়ক! কিন্তু এইটো ভাবি চাইছা নে যে সি আমাৰ ঘৰৰ এটাও পানীৰ টেপ, পানীৰ বটল ৰখা এখনো মেজ হাতেৰে ঢুকি নাপায়...সি মাত্ৰ ঢুকি পায় আমাৰ টয়লেটৰ ক'মোডটো!! হুহ.. বিৰাট টেষ্টি?....আৰু খোৱা!!"