Monday, October 14, 2013

দুজন বন্ধু মদৰ ৰাগিত মাতাল হৈ টোপনি গল । টোপনিত এজনে ভয়ংকৰ সপোন এটা দেখিবলৈ ধৰিলে.....

সপোনত দেখিছে যে সি ঢুকাল । ঢুকুৱাৰ পিছত সি শৰগ পালেগৈ । শৰগত ইফালে সিফালে ঘুৰি আছে, আৰু তাৰ ঘৰৰ কথা মনত পৰি বহুত দুখ লাগি আছে ।লৰা, ছোৱালি হাল আৰু ঘৈনিয়েকে এতিয়া কি কৰিবো, কি খাবো, কেনেকৈ চলিবো ।

সি বহুত কান্দি আছে,আৰু দৌৰি আছে । গৈ থাকতেই মহাদেৱক দেখা পালে, দেখা পায়ে মহাদেৱৰ ভৰিত সাৱটি ধৰিলে, আৰু তাৰ মনৰ দুখৰ কথা কবলৈ ধৰিলে । 

হে ভোলানাথ মই নাথাকিলে লৰা, ছোৱালি হাল নাখায় মৰিবো ।তাৰ দুখ দেখি মহাদেৱৰো দুখ লাগিল । তেতিয়া মহাদেৱে এটা পৰামৰ্শ দিলে.............

সেই যে মন্দিৰটো দেখিছা, তাত গৈ এগচি চাকি জলাই দিবি । ছাই থাকিবি চাকিগচ যাতে ২৪ ঘন্টা জলি থাকে । ২৪ ঘন্টা পিছত তই পুনৰ জীৱন পাবি ।আৰু ঘৰলৈ যাবো পাৰিবি ।

সি অলপো পলম নকৰি চাকি এগচি জলাই দিলে। আৰু তাতে বহি চাকিৰ ফালে ছাই আছে । ২ ঘন্টা পিছতে চাকিৰ তেল সেখ হৈ চাকি নুমাও নুমাও হল। এতিয়া কি কৰে, ইফালে সিফালে ছাই দেখে ..চাৰিও ফালে চাকি জলি আছে। উপায় নাপায় অলপ অলপ কৰি বেলেগ চাকি বোৰৰ পৰা আঙুলিৰে তেল আনি নিজৰ চাকিত দি আছে ...............

সেই সময়তেই এটা প্ৰচন্ড ঘোচা তাৰ মুখত পৰাত, সি জাপ মাৰি উঠি ..কি হল, মোক মাৰিলি কিয় বুলি গৰগৰাই উঠিল ।

লগত শুই থকা বন্ধ জনে চকু ডাঙৰ কৰি কলে........তই তোৰ কানত আঙুলি ভৰাই মোৰ মুখত দিছা মই একো কোৱা নাই .....

তই তোৰ নাকত আঙুলি ভৰাই মোৰ মুখত দিছা তথাপি একো কোৱা নাই ।

চাল্লা.. তই যেতিয়া তোৰ পোকৰত আঙুলি ভৰাই মোৰ মুখত দিবলৈ আহিছা , তেতিয়া আৰু মই ৰৈ থাকিবো নোৱাৰিলো.................................................................................................

.............................. প্ৰকান্ড গোৰ এটা মাৰি দিলো !!!!!!

No comments:

Post a Comment