Monday, October 14, 2013

wrong number

মহিলা এগৰাকীয়ে বেলেগ এখন চহৰত চাকৰি পালে । তাত গৈ পায়ে মহিলা গৰাকীয়ে নিজৰ মানুহ জনলৈ msg এটা দিলে । msg টো ভুলতে বেলেগ এজন মানুহৰ তাত গুচি গল ।

যাৰ ওচৰত msg টো গ'ল, সেই মানুহ জনে নিজৰ পত্নিৰ অন্তষ্টিক্ৰিয়া কৰি আহিছিল ।

মানুহ জনে msg টো দেখাৰ পিছতে বেহুচ হৈ গ'ল...............

msg টো এনেকোৱা আছিল...........

মই ইয়াত ভালদৰে আহি পালোহি ।

ইয়াতে মোবাইলৰ সুবিধাও আছে ।

তুমি বেছি চিন্তা কৰি নাথাকিবা ।

২, ৩ দিনৰ পিছত তোমাকো মোৰ ওচৰত লৈ আহিম .....


.

.

.

.

.

.

হাহাহাহাহাহা........
এটা লাভ চ্টোৰি, 

এছন বোবা আৰু এজনি কলা (কাণেৰে নুশুনা) ছোৱালীৰ প্ৰেম কাহানী। বোবাই যেতিয়া যোৰে যোৰে গান গায় তেতিয়া কলা ছোৱালীজনীয়ে গান শুনি দৌৰি আহে। তেনেকে সিহতে প্ৰেমত মতলীয়া হৈ আছিলে। এদিন ছোৱালীজনীৰ অন্ধ খুড়াকে দূৰৰ পৰা দেখা পালে, সিহত দোজনক তেনেকে দেখা পায় ছোৱালীজনীৰ দেউতাকৰ ওচৰত যায়। ছোৱালীৰ দেউতাকৰ দুখন ভৰিয়ে নাই। যেতিয়া ছোৱালীৰ খুড়াকে দেউতাকক কয়, তেতিয়া দেউতাক খংত জলি পকি যায় আৰু বহি থকাৰ পৰা ঠিয় হৈ চুৰি খন হাতত লৈ গাড়ীত বহি চাইকেলৰ পেদেল জোৰেৰে মাৰি ঘোৰাৰ পৰা নামে, আৰু ঘোৰাৰ পৰা নামি দৰ্জাখন খংত যোৰেৰে বন্ধ কৰি দিয়ে, আৰু পকেতৰ পৰা চুৰি খন ওলোৱাই লৰা জনক গুলিয়াই দিয়ে, তিৰ লগাৰ লগে লগে লৰাজন মৰি যায়।

বন্ধুসকল প্ৰেম কাহানী ইমানতে শেষ হোৱা নাই আৰু আছে।

পুলিচ জিপচিৰে আহে আৰু গৰু গাড়ীৰে নামে। ছোৱালীৰ দেউতাকক থানাত ঠেলাৰে লৈ যায়। থানাত পোৱাৰ লগে লগে তেওক হস্পিতালত সোমাই দিয়ে।

সমাপ্ত

মদাহীৰ বিলৈ.

দুজন বন্ধু মদৰ ৰাগিত মাতাল হৈ টোপনি গল । টোপনিত এজনে ভয়ংকৰ সপোন এটা দেখিবলৈ ধৰিলে.....

সপোনত দেখিছে যে সি ঢুকাল । ঢুকুৱাৰ পিছত সি শৰগ পালেগৈ । শৰগত ইফালে সিফালে ঘুৰি আছে, আৰু তাৰ ঘৰৰ কথা মনত পৰি বহুত দুখ লাগি আছে ।লৰা, ছোৱালি হাল আৰু ঘৈনিয়েকে এতিয়া কি কৰিবো, কি খাবো, কেনেকৈ চলিবো ।

সি বহুত কান্দি আছে,আৰু দৌৰি আছে । গৈ থাকতেই মহাদেৱক দেখা পালে, দেখা পায়ে মহাদেৱৰ ভৰিত সাৱটি ধৰিলে, আৰু তাৰ মনৰ দুখৰ কথা কবলৈ ধৰিলে । 

হে ভোলানাথ মই নাথাকিলে লৰা, ছোৱালি হাল নাখায় মৰিবো ।তাৰ দুখ দেখি মহাদেৱৰো দুখ লাগিল । তেতিয়া মহাদেৱে এটা পৰামৰ্শ দিলে.............

সেই যে মন্দিৰটো দেখিছা, তাত গৈ এগচি চাকি জলাই দিবি । ছাই থাকিবি চাকিগচ যাতে ২৪ ঘন্টা জলি থাকে । ২৪ ঘন্টা পিছত তই পুনৰ জীৱন পাবি ।আৰু ঘৰলৈ যাবো পাৰিবি ।

সি অলপো পলম নকৰি চাকি এগচি জলাই দিলে। আৰু তাতে বহি চাকিৰ ফালে ছাই আছে । ২ ঘন্টা পিছতে চাকিৰ তেল সেখ হৈ চাকি নুমাও নুমাও হল। এতিয়া কি কৰে, ইফালে সিফালে ছাই দেখে ..চাৰিও ফালে চাকি জলি আছে। উপায় নাপায় অলপ অলপ কৰি বেলেগ চাকি বোৰৰ পৰা আঙুলিৰে তেল আনি নিজৰ চাকিত দি আছে ...............

সেই সময়তেই এটা প্ৰচন্ড ঘোচা তাৰ মুখত পৰাত, সি জাপ মাৰি উঠি ..কি হল, মোক মাৰিলি কিয় বুলি গৰগৰাই উঠিল ।

লগত শুই থকা বন্ধ জনে চকু ডাঙৰ কৰি কলে........তই তোৰ কানত আঙুলি ভৰাই মোৰ মুখত দিছা মই একো কোৱা নাই .....

তই তোৰ নাকত আঙুলি ভৰাই মোৰ মুখত দিছা তথাপি একো কোৱা নাই ।

চাল্লা.. তই যেতিয়া তোৰ পোকৰত আঙুলি ভৰাই মোৰ মুখত দিবলৈ আহিছ , তেতিয়া আৰু মই ৰৈ থাকিব নোৱাৰিলো.................................................................................................

.............................. প্ৰকান্ড গোৰ এটা মাৰি দিলো !!!!!!
শিক্ষক- তোমাৰ নাম কি?
ছাত্র- নাজানো ছাৰ
শিক্ষক- তোমাৰ দেউতাই কিমান স্পীডত গাড়ী চলায়?
ছাত্র- নাজানো ছাৰ
শিক্ষক- মুৰ্গীয়ে কি পাৰে?
ছাত্র- নাজানো ছাৰ
শিক্ষক- অলগৰ্ধ ক'ৰবাৰ! কাইলৈ ঘৰৰ পৰা শিকি আহিবা!

ল'ৰাটো ঘৰলৈ গৈ..
ল'ৰা- দেউতা তোমাৰ নাম কি?
দেউতাক- অলগৰ্ধ..মোৰ নামটোকে নাজান? নবীন আঠপৰীয়া!
ল'ৰা- তুমি কিমান স্পীডত গাড়ী চলোৱা?
দেউতা- ফুল স্পীডত।
ল'ৰা- মুৰ্গীয়ে কি পাৰে?
দেউতা- কণী পাৰে

পিছদিনা স্কুলত
শিক্ষক- যোৱাকালিৰ প্রশ্নৰ উত্তৰবোৰ কোৱা
ছাত্র- নবীন আঠপৰীয়াই ফুল স্পীডত কণী পাৰে!
তিনিজন বন্ধুৱে কথা পাতি আছে।
১ম বন্ধু:আগতে আমাৰ ঘৰত ককাৰ দিনত বি-ৰা-ট ডাঙৰ কঁঠাল গছ এজোপা আছিল,যিডাল গছ এশজন মানুহে সাৱটিও নাপাইছিল।
২য় বন্ধু:আমাৰ ককাৰ এজনী গাই আছিল,যিজনীৰ এটা শিঙৰ পৰা আন এটা শিঙলৈ চৰাই উৰি গ'লে মাটিত পৰি জিৰাই লৈছিল।
৩য় বন্ধু:আমাৰ ককাৰ আকৌ এটা ডাঙৰ ঢোল আছিল,যিটোৰ এফালে বজাই আনফালে বজাবলৈ গ'লে এজন মানুহে বাটত এসাঁজ ভাত খাই ল'ব লাগে।
১ম বন্ধু:থ থ হেৰৌ,ইমান ডাঙৰ ঢোল বনাবলৈ কাঠ ক'ত পাব ?
৩য় বন্ধু:কিয় তহঁতৰ ককাৰ কঁঠালজোপাৰ পৰা আকৌ।
২য় বন্ধু:সেইবুলি ইমান ডাঙৰ ঢোল চোৱাবলে গৰুৰ ছাল ক'ত পাব অ' ?
৩য় বন্ধু:তহঁতৰ ককাৰ গাইজনীৰ পৰা আকৌ।
আজি পুৱাতে পোৱালী এটাই বিছনাতে টুপী পিন্ধাই থৈ গ’ল|

পোৱালী: দা দা কোৱাচোন ৰাবণে ৰামৰ লগত যুদ্ধ কৰোতে কিহত উঠি কৰিছিল?
মই: পুস্পক ৰথ| ব’ৰ নকৰিবি, শুবলৈ দে|
পোৱালী: আৰু ৰামে?
মই: নেজানো, গৰুগাডী চৰুগাডী হ’ব চাগে| বনবাসত আছিল নহয় তেতিয়া|
পোৱালী: নহয়, ৰামে নেন’ত উঠি আক্ৰমণ কৰিছিল| টাটা নেন’ত| হি হি হি|
মই: কেনেকৈ??
পোৱালী: চলাও না নেন’ চে বাণ ৰে, জান লেল’ না ৰাম (জান) ৰে!!!!!
এই গানটো ৰাবণে ভয়তে গাইছিল।।

পোৱালী: কোৱাচোন, দুডাল কাৰেন্টৰ তাঁৰৰ মাজত যদি Love হৈ যায় তেন্তে তাক কি বুলি কয়?
মই: নেজানো, মই এইবোৰ কথা শুণাও নাই|
পোৱালী: Current Affair.!! হাৰিলা, একো নেজানে, ইয়া হু|
পোৱালী: আৰু এটা লাষ্ট|
মই: ক ক|

পোৱালী: বীৰেণ আংকলৰ তপা মূৰত এসময়ত দুডাল চুলি আছিল, এডালে সিডালক খুব ভাল পাই, কিন্তু সিহঁতে বিয়া পাতিব নোৱাৰে| কিয়?
মই: চুলিয়ে বিয়া পতাৰ কথা তই ক’ত শুণিলি? (আচলতে হায়ৰাণ একো উত্তৰ দিব পৰা নাই)
পোৱালী: কিয় নেজানা নেকি- ভাৰতত “বাল বিবাহ” নিষিদ্ধ| হি হি হি
বাপেক- পুতেকৰ কথোপকথন

পিতাই- মোৰ বাবে ড্রিংকছ এটা লৈ আহাঁ চোন দোকানৰ পৰা
পুতাই- হট ড্রিংকছ নে ক'ল্ড ড্রিংকছ?
পিতাই- অফক'ৰ্ছ ক'ল্ড ড্রিংকছ
পুতাই- পেপচি নে কোক?
পিতাই- পেপচি
পুতাই- বটল নে কেন্ ?
পিতাই- বটল
পুতাই- সৰু বটল নে ডাঙৰ বটল?
পিতাই- সৰু বটল
পুতাই- নৰ্মেল নে ডায়েট?
পিতাই- ধুৰ..নালাগে যা! পানী এগিলাচকে দে
পুতাই- গৰম পানী নে ঠাণ্ডা পানী?
পিতাই- অফক'ৰ্ছ ঠাণ্ডা
পুতাই- খাবলৈ নে use কৰিবলৈ?
পিতাই- মাৰ খাবি দেই এতিয়া
পুতাই- কিহেৰে মাৰিবা, হাতেৰে নে চেকনীৰে?
পিতাই- প'লা ইয়াৰ পৰা
পুতাই- কেনেকৈ পলাম, খোজ কাঢ়ি নে দৌৰি?
পিতাই- অসভ্য...দিনে দিনে জানোৱাৰ হ'ব ধৰিছ!
পুতাই- কি জানোৱাৰ, কুকুৰ নে গাহৰি?
পিতাই- তোক মই কাটি টুকুৰা কৰিম
পুতাই- কিহেৰে কাটিবা, দাৰে নে বঠিৰে?
পিতাই- বঠিৰে
পুতাই- টুকুৰাবোৰ সৰু কৰিবানে ডাঙৰ ?
পিতাই- হাৰামজাদা তই গলি???
পুতাই- অকলে যাম নে তোমাৰ লগত যাম?
পিতাই- হে ভগৱান, মোৰ প্রেছাৰ উঠিব ধৰিছে
পুতাই- হাস্পতাললৈ যাবা নে ডাক্তৰ মাতিম?
পিতাই- মোক পানী এগিলাচ দে অ বোপাই
পুতাই- খাবলৈ নে মূৰত দিবলৈ?

আৰু নিলিখোঁ দেই....বাপেকটো মৰি থাকিব !
Jayanta দাৰ পাচদিনীয়া বিয়া উত্সৱৰ গ্ৰেইট ফিনালেৰ দিন .. মানে সেই কিবা বোলেনে ফুলশয্যাৰ নিশা...
নিশা দাদা কেঠাৰ ভিতৰলৈ সোমাই গ'ল... বৌয়ে উৰণিখন টানি কুছি মুছি বিছনাৰ চুক এটালৈ গ'ল..
......
দাদাই বৌৰ একেবাৰে কাষ পালেগৈ......
মুখখন বৌৰ ওচৰলৈ আগবঢ়াই নিলে....
ওচৰলৈ..
.....
.....
আৰু ওচৰলৈ....
আৰু ক'লে....

,,,,,,,
;;;;;;;
.......
হেৰা, তুমি আজি নিশা ইয়াতে থাকিম বুলি ঘৰত কৈ আহিছাতো???
পূজা বুলি…, অলপ বেছিকৈয়ে 'মাল' খাই দিলো। 

বাৰান্দাত, ঠেলি-ঠেলি কোনোমতে 'বাইক'খন উঠালো। তাৰপাছত দৰ্জা বন্ধ কৰিয়েই, চিধা বিচনাত বাগৰি দিলো। বেহুচ…! মাজনিশা হঠাৎ দেখিলো, দূৰ্গাদেৱী মোৰ সন্মুখতে ৰৈ আছে। জীৱ বাহিৰ হৈ গ'ল বাপ্পেকে…! কি জগৰ লগালো মই…? মইতো গা-ধুই সেৱা জনাইছিলো, ৫টকাও দিছিলো, "জয় দূৰ্গা মাইকী" (?) বুলি চিঞৰিও দিছিলো…, তেন্তে…?? 

"…হে আই, নাজানিহি অপৰাধ' হৈল' মোৰ'…", - বুলি, কিবা ব্ৰজাৱলী জাতীয়, ভাষা এটাই মুখৰ পৰা ওলাই গ'ল, ভয়ৰ চুটত। তাৰপাছত ডাইৰেক্ট পজিচন লৈ ল'লো, …'দূৰ্গা মা' -ৰ চৰণত। 

: উঠ বৎস…! 'তেল মাৰি' লাভ নাই। সৌ দাপোণ (আইনা) খনৰ ওচৰলৈ যা। তাত তোৰ চেহেৰাটো এবাৰ চাগৈ।

(সাউতকৈ উঠি আইনা খনৰ ওচৰ পালোগৈ।)

"ঔ, মা…!"
জীভা ওলাই গ'ল বাপ্পেকে…!

ই কি কথা…!! মোৰ চেহেৰাটো পূজাৰ অসুৰটোৰ দৰে হৈ পৰিল। জপৰা চুলি, দীঘল দাঁত, টেলেকা চকু…! দূৰ্গাদেৱীয়ে মোলৈ চাই অট্টহাস্য মাৰি ক'লে,

: …তোৰ মূৰত 'অসুৰে' বাহ লৈছে। ভালে-ভালে মূৰটো ছিঙি মোক দে, নহলে তোক মাৰিয়েই পেলাম।
: কিন্তু আই, মূৰটো নহলে মই কেনেকৈ জীয়াই থাকিম।
: পাৰিবি…। কিয় নোৱাৰিবি। 'মূৰ' নোহোৱাকৈয়ে কিমানে এতিয়া মন্ত্ৰী-বিধায়ক, আমোলা, ছাত্ৰনেতা, দেশপ্ৰেমিক হৈ গপগপাই ফুৰিছে, …তই কোন কূটা বে? জল্দি মূৰটো ছিঙি দে, জল্দি…!
: মই নোৱাৰো আই, ভয় লাগে।

…কথাষাৰ ক'বলৈহে পালো। চিধা আহি মোৰ মূৰটো খামোচি ধৰি, দূৰ্গামাই টানিবলৈ ধৰিলে। বিষত থাকিব পৰা নাই। এবাৰ দেৱীয়ে এফালে টানে, আনবাৰ মই আনফালে টানো।

…এইদৰে টনা-আজোৰা কৰি থাকোঁতেই, খপ্কৰে সাৰ পাই গলো। আৰু দেখিলো…

.

.

.

.

.

.

শ্ৰী মতীয়ে মোৰ মূৰৰ
'হেলমেট'-টো
খুলিবলৈ চেষ্টা কৰি আছে।
সমূহ ভাৰতীয়ৰ বাবে সুখবৰ:-টকা-পইছা দুগুণ কৰক মাত্র ৫ বছৰত।কেনেকৈ ?কৈছোঁ ৰ'ব-
.
.
.
.
.
প্রথমে আপোনালোকৰ টকাসমূহ ডলাৰলৈ ভাঙক।তাৰপিছত অহা নির্বাচনত সকলোৱে দুর্নীতিপৰায়ণ প্রার্থী বা দলক ভোট দিয়ক ,আৰু ৫বছৰ দিন অপেক্ষা কৰক।যথাসময়ত অর্থাৎ ৫বছৰ পিছত ডলাৰসমূহ পুনৰ টকালৈ ভাঙক।হিচাপ কৰি দেখিব আপোনাৰ টকা দুগুণ হৈ থাকিব।বিশ্বাস হৈছেনে ?যদি হৈছে মোক মোৰ কমিছনটো(মাত্র এটা লাইক) দিয়ক।অ' ৰ'ব কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে তলত মোৰ ফোন নাম্বাৰটো দিছোঁ।
ডাবল নাইন ফাইব ফ'ৰ টু জিৰ' মোৰ জিৰ' তাৰ জিৰ'।
তিনিবছৰীয়া কণমানিটোৰ লগত বৰুৱা আজি ঘৰত অকলে। বৰুৱানী গৈছে মহিলা ক্লাৱটোৰ লগত প্ৰতিমা বিসৰ্জন চাবলৈ।
সন্ধিয়া টোপনিৰপৰা উঠি পুত্ৰই চিঞৰ-বাখৰ লগালে খেলিবলৈ। বৰুৱাই আকৌ এই খেল-চেল ভাল নাপায়। তেওঁ কণমানিটোক ক'লে, "বাবা, আমি চাহ কৰা, চাহ খোৱা খেলিম দেই"।
সিদিনা পূজাত বৰুৱাই তাক প্লাষ্টিকৰ 'টি ছেট' এটা কিনি দিছে। কেটলী, কাপ-প্লেট সকলো আছে। সেইদিনাৰপৰা কণমানিটো সেই 'টি ছেট'ৰ লগতে ব্যস্ত। সি সেইটো উলিয়াই আপোন পাহৰা হ'ল।
বৰুৱাইও ড্ৰয়িং ৰুমত বহি একান্তমনে টিভিত নিউজ চোৱাত লাগিল।
অলপ পিছত পুত্ৰই কাপ এটাত অলপ পানী লৈ আহি বৰুৱাক দিলে -"দেতা, দেতা...চাহ"।
বৰুৱাই লাহে লাহে গোটেই পানীখিনি খাই ক'লে -"আস্ ইম্মান যে 'টেষ্টি' চাহ কৰিছা! তোমাৰ মায়ো নোৱাৰে, জানা। মই আৰু খাম দেই একাপ"। ফূৰ্তিতে ক'ব নোৱাৰা হ'ল কণমানিটো! সি আকৌ চাহ কৰিবলৈ ভিতৰলৈ লৰ মাৰিলে। এনেকৈ দুঘন্টাত বৰুৱাই তাৰ হাতৰ ছয় কাপ চাহ খালে। কিছুদেৰি পিছত বৰুৱানী আহিল।
"ই দিগদাৰ কৰিছে নেকি বাৰু? আছে নে ঠিক-ঠাক?"
"কি দিগদাৰ কৰিব? সৰু ল'ৰা-ছোৱালীক কেনেকৈ চলাব লাগে আমি ভালকৈ জানোঁ, বুজিছা! বুদ্ধি লাগিব মাত্ৰ অলপ। ইহঁতৰ লগত কেনেকুৱা খেল খেলি ব্যস্ত কৰি ৰাখিব লাগে, তোমালোকে একোৱেই নাজানা..আমি জানোঁ" - বৰুৱাই সাফল্যৰ হাঁহি এটা মাৰি কণমানি পু্ত্ৰক আকৌ একাপ চাহ আনিবলৈ চিঞৰিলে। সি অলপপৰ পিছত ভিতৰৰপৰা পানী একাপ লৈ আহিল। বৰুৱাই পত্নীলৈ চাই হাঁহি এটা মাৰি পি খালে পানী কাপ। এইবাৰ বৰুৱানী ভিতৰলৈ সোমাই গ'ল। দৌৰি ওলাই আহি বৰুৱানীয়ে চিঞৰিলে-"তুমিতো সকলো জানা, বিৰাট বুধিয়ক! কিন্তু এইটো ভাবি চাইছা নে যে সি আমাৰ ঘৰৰ এটাও পানীৰ টেপ, পানীৰ বটল ৰখা এখনো মেজ হাতেৰে ঢুকি নাপায়...সি মাত্ৰ ঢুকি পায় আমাৰ টয়লেটৰ ক'মোডটো!! হুহ.. বিৰাট টেষ্টি?....আৰু খোৱা!!" 

Friday, August 23, 2013

ছোৱালী-(একুৰিয়ামৰ ফালে চাই) .
.
.
এই মাছবোৰ ইমান ধুনীয়া কিয় হয়?
.
ল’ৰা-(Sprite মুখত দি)........
.
এই মাছবোৰ ধুনীয়া হয় কাৰন ইহতে কাপোৰ নিপিন্ধে
.
চিধি বাত, নো বকৱাছ
ল'ৰা- এই মোনাটোত কি আছে কোৱা, ক'ব পাৰিলে গোটেই খিনি কনী তোমাৰ!
কনী কেইটা আছে ক'ব পাৰিলে পাচোঁটা কনী তোমাৰ!
কিহৰ কনী ক'ব পাৰিলে মুৰ্গীটোও তোমাৰ!

ছোৱালী- ইমান টান প্রশ্ন সুধিছা....কম ছে কম hint এটা দিয়া
এজনী ১৮ বছৰীয়া ছোৱালী প্রেগনেণ্ট! তাই কান্দি আছে...
মাক- কোন সেই লম্পট? এতিয়াই মাত তাক..!

আধাঘণ্টা পিছত এখন লেটেষ্ট মডেলৰ লিম'জিন গাড়ী সিহঁতৰ পদূলিমুখত ৰ'ল।
গাড়ীৰ পৰা দামী চুট পিন্ধা যুবক এজন নামি আহিল।
যুবক- আপোনাৰ ছোৱালীৰ প্রব্লেমটো গম পাইছো....কিন্তু মোৰ পক্ষে তাইক বিয়া কৰোৱাটো সম্ভৱ নহয়। কিন্তু তাৰ বিনিময়ত ক্ষতিপূৰণ দিলৈ সাজু। যদি ছোৱালী হয় মই তাইক দুটা ঘৰ, এখন BMW গাড়ী আৰু ৫ কোটি টকা দিম।
আৰু যদি ল'ৰা হয় তাক মই চাৰিটা ফ্লেট, এখন লাক্সাৰী কাৰ আৰু ১০ কোটি টকা দিম।
কিন্তু যদি miscarriage হয় কি কৰিম আপুনিয়েই কওক?
.
.
.
.
.
.
ছোৱালীৰ মাক- (সেমেনা সেমেনি কৰি) তেতিয়া নহ'লে আৰু এবাৰ try কৰিবা!!!
মানুহ এজনে কাণত কপাহ গুজি চিঠি এখন পঢ়ি আছে।
কাষত তাৰ বন্ধুজনে মন দি শুনি আছে আৰু লাজ লাজকৈ হাহিঁছে।

এনেতে তৃতীয় ব্যক্তি এজনে কৌতূহলী হৈ সুধিলে- কি পঢ়িছা ? আৰু কাণত কপাহ কিয় সুমুৱাই লৈছা?
.
.
.
.
.
.
১ম মানুহ- মোৰ বন্ধুজনে পঢ়িব নাজানে। তাৰ প্রেমিকাই চিঠি লিখিছে। মই পঢ়ি শুনাইছো। মই কথাবিলাক শুনাটো সি নিবিচাৰে...!!!!
ছান্তা সিংৰ বৰ দুখ ৷ কাৰণটো হ' ল সি কোনোদিনেই হগাৰ পিছত পোকৰ ধুবলৈ নাপায় ৷ কাৰণ সি জংঘললৈ হাগিবলৈ যাওতে যিটো ঘটী লৈ যায় সেইটো ফুটা ৷ গতিকে হাগি শেষ হোৱালৈ পানী নাথাকে ৷ সেয়ে সি তাৰ দুখৰ কথা বন্ধু বান্তা সিংক ক' লে ৷ বান্তাই এসপ্তাহৰ সময় লৈ তাক এটা 1st class idea দিলে ৷ সান্তায়ো বুধিটো বৰ ভাল পালে কাৰণ এতিয়া সি ভালদৰেই পোকৰ ধুব পৰা সুবিধা হ' ল আৰু যোৱা প্ৰায় পোন্ধৰ বছৰমান সি এই বুধি ব্যৱহাৰ কৰি খুব ভালদৰেই চলি আছে ৷
বান্তাই দিয়া বুধিটো আছিল এনে ধৰণৰ - " আগতে পোকৰ ধুই লৈ তাৰ পিছত হাগিবলৈ যাবি ৷ "
ছোৱালীৰ কিছু বিশেষ গুণ ।

১. তেঁওলোকে সদায় সঞ্জয় কৰাত গুরুত্ব দিয়ে ।

২. সদায় সঞ্জয় কৰাত গুরুত্ব দিয়ে কিন্তু সদায় দামী কাপোৰ কিনে ।

৩. সদায় দামী কাপোৰ কিনে কিন্তু
পিন্ধিবলৈ কেতিয়াও ভাল কাপোৰ
নাথাকে ।

৪. পিন্ধিবলৈ কেতিয়াও ভাল
কাপোৰ নাথাকে কিন্তু সদায় সাজি কাছি সুন্দৰী হৈ থাকে ।

৫. সদায় সাজি কাছি সুন্দৰী হৈ
থাকে কিন্তু কেতিয়াও সুখী নহয় ।

৬. কেতিয়াও সুখী নহয় কিন্তু সদায় আশা কৰে কোনোবাই ভাল লাগিছে বুলি কঁওক ।
বান্তাই পুতেকক কৈছে – বেটা, তই কালৈকো ভয় নকৰিবি | তইতো সিংহৰ পুতেক |

পুতেক – হয়, পাপা | স্কুলত মাষ্টৰণী বাইদেৱে সেই কথাকে কয়, পাপা | কয়, বোলে তই নিশ্চয় কোনোবা জানোৱাৰৰ পুতেক |
কল দোকানীৰ সৰু পুতেকটোক এজন গ্রাহকে প্রশ্ন কৰিলে : হেৰা, কলৰ যোৰা কিমান ??
: পাঁচ টকা যোৰা ।
: কি ক'ৱ অ' ল'ৰা । দুটাৰ যোৰাৰ কলক পাঁচ টকা কৈছ যে ! তোকতো ভালকৈ এক পিটন দিয়া উচিত ।
: নাই,নাই মাৰধৰ নকৰিব । দুটকাটেই নিয়ক । দেউতা আহিলে ক'ম -----এটা বান্দৰ আহি কল দুটামান খাই গুচি গ'ল ।
আমাৰ চকু দুটা এটা আনটোৰ পৰম বন্ধু ।
.
.
.
কোনো বস্তু চাবলৈ হ'লে দুয়োটাই
একেলগে চায় ।
.
.
.
দুখত দুখী হ'লে দুয়োটাৰ পৰা
একেলগে চকুঁলো ওলায় ।
.
.
.
ৰাতি শুওতে দুয়োটা একেলগে মুদ খায় ।
.
.
.
.
.
.
.
.
.
.
.

কিন্তু কোনো ছোৱালীক চকুটিপ মাৰিবলৈ এটা চকুহে ব্যবহাৰ কৰিব লগা হয় ।

MORAL : Girls can break any relation..

Phone Call

এটা অচিনাকি ফোন,
লৰা- তোমাৰ BOY FRND আছে নে?
ছোৱালীঃ অ আছে! আপোনী কোন?
লৰাঃ তৰ দাদাৰে। ৰ হাৰাম জাদ্দি ঘৰ আহি তোক দি আছো।
অলপ পিছত আৰু এটা অচিনাকি ফোন আহিল,
লৰাঃ তোমাৰ BOY FRND আছে নেকি?
ছোৱালীঃ অ নাই নাই!!! আপোনী কোন?
লৰাঃ মই তোমাৰ BOY FRND!!! তুমি মোৰ DIL টো ভাঙি দিলা।
ছোৱালীঃ SORRY JANU, মই ভাবিছিলো মোৰ দাদা বুলি। I LV U SWTHEART.
লৰাঃ তৰ দাদাৰেয়ে মই। ৰ হাৰাম খোৰ মোক ঘৰ যায় লবা দি।

Exam...

নগেন আৰু ভদৰামে পৰীক্ষা দি আছিলে।
প্রশ্নকাকত আছিলে বৈদ্য tough
নিৰীক্ষকজন আকৌ সাংঘাতিক কাঢ়া। কাকো নকল মাৰিবলৈ সুযোগ দিয়া নাই।
নগেন-ভদৰামে টুকলি উলিয়াব পৰানাই, কিয়নো নিৰীক্ষকে মিনিট মিনিটে পাক মাৰি আছে।
এনেতে নগেনে টুকলি এটা লৈ নিৰীক্ষকৰ হাতত দিলেগৈ। সেইটো পঢ়ি নিৰীক্ষকে চকীত গৈ যি বহিল আৰু নুঠিলেই!

গোটেই ক্লাছৰ লৰাবোৰে বিন্দাছ পৰীক্ষা দিলে। পৰীক্ষা শেষ হোৱাৰ পিছত লৰাবোৰে আহি নগেনক চাবাচী দিলে..."তই ছাৰক কি যাদু কৰি অ", বহিল যে বহিয়েই থাকিল!"

নগেন- মই টুকলি এটা লিখি ছাৰক দিলোঁ- "ছাৰ আপোনাৰ পেণ্টটো পিছফালে ফটা!"

Bagh

নগেন আৰু হৰেন হাবিলৈ গৈছিল। কিবা কাৰণত দুয়োটাৰ মাজত তৰ্কা-তৰ্কি হ'ল। এনেতে হঠাতে সন্মুখত বাঘ এটা ওলালহি। হৰেনে উপস্থিত বুদ্ধিৰে বাঘটোৰ চকুত এমুঠি ধূলি মাৰি চিঞৰি উঠিল,

"… পলা…"

.

নগেন: (খং-এৰে ক'লে)

…মই কেলেই পলাম…??







তইহে বাঘটোৰ চকুত ধূলি মাৰিছিিল…!!

সোণৰ মোবাইল

খৰিকটীয়াৰ কাহিনীটো মনত আছে নে?
নদীৰ পাৰত কুঠাৰেৰে গছ কাতি থাকোঁতে যে কুঠাৰখন চিলিপ হৈ পৰি গৈছিল পানীৰ মাজত? তাৰ পিছত জলদেৱী প্ৰকট হৈ প্ৰথমতে সোণৰ, ৰূপৰ কুঠাৰ দিওঁতেও যে খৰিকটীয়াই মানা কৰি দি নিজৰ কুঠাৰখন হে খুজিছিল? আৰু তাকে দেখি খুচ হৈ জলদেৱীয়ে গোটেই তিনিটা কুঠাৰেই তেওঁক দি দিছিল?

দত্তৰো মনত আছে কাহিনীটো...

হ’ল কথাটো এনেকুৱা...
এদিন গোলাঘাটৰ পৰা বাদাম কিনিবলৈ দত্ত গুৱাহাটীলৈ আহিছিল| বাদাম কিনি লোভতে অলপ বেছিকৈ গলিয়াই দিলে চাগে| লাগিল নহয়| মানে ২ নম্বৰটো... |

বিচাৰি বিচাৰি এখন সুলভ শৌচালয় পালেগৈ|
দৌৰ মাৰি ভিতৰত বহি আমেজ লৈ থাকোঁতেই আহিল নহয় কাৰোবাৰ ফোন... ফোনটো ৰিচিভ কৰিবলৈ লওঁতেই চিলিপ হৈ ফোন চিধা একেবাৰে মেইন জেগাতে পৰিল|

মাত্ৰ ৪ দিনৰ আগতে ১২, ০০০ টকা দি কিনা ফোন... বৰ হেঁপাহত কিনিছিল দত্তই ফোনটো, অসমীয়া লিখিবও পাৰি ফোনটোত, গেম খেলিবও পাৰি, দুখন চিম ভৰাবও পাৰি, ধেৰ কনটেক্ট নাম্বাৰো আছে...
তাকে ভাবি ভাবি দুখতে দত্তৰ সেইভাগেই চকুপানী ওলাবলৈ ধৰিলে| চকুপানী কি, কান্দোনেই ওলাই আহিল....

দত্তৰ দুখ সহিব নোৱাৰি টয়লেট-দেৱী প্ৰকট হ’ল নহয়... আহি তেওঁ দত্তক ফোন এটা আগবঢ়াই দিলে...
- "হোঁ ল’, নাকান্দিবি অ’ বাচা"
ফোনটোলৈ চাই দত্তই ক’লে- "মোক সোণৰ ফোন নালাগে দেৱী, মোক মোৰ আচল ফোনটোকেই উভোতাই দিয়ক না পিলিজ"

দেৱীয়ে ভেকাহি মাৰি ক’লে- "ধুৰ, এইটো তোৰেই ফোন হয়| সোণৰ নহয়| ভালকৈ ধুই ল’লে দেখিবি, সোণালী ৰংটো আঁতৰি গৈছে|"

দত্ত- "হি হি হি, থেংকিউ দেই"

Wednesday, July 31, 2013

kontilou

কণটিলাই এইবাৰ সেনা বাহিনীৰ চাকৰিত যোগ দিলে। যেতিয়া তাৰ হাতত এ-কে ৪৭ তুলি দিয়া হ'ল,তেতিয়া কণটিলাৰ মনত গর্বও জাগিল কিন্তু একে সময়তে অলপ খোকোজাও।
মনৰ খোকোজা দূৰ কৰিবৰ কাৰণে কণটিলাই মেজৰক সুধিলে এনেদৰে ----
কণটিলা:- ছাৰ বন্ধুকৰ নলীটো আগফালে ৰাখোনে নে মোৰ ফালে ৰাখোঁ???
মেজৰ:- যিফালে ৰাখ ৰাখ। লাভ দেশৰে হ'ব।।।।
।।।ৰাইজ দেখিলেনে, কণটিলাৰ দেশৰ গৌৰৱ।।।

Army Training

আৰ্মীৰ সাহসৰ পৰীক্ষা চলি আছে।

এজন আৰ্মিৰ মূৰত নেমু এটা থৈ কেপ্টেইনে নেমুটোক আতঁৰৰ পৰা গুলিয়ালে।
আৰ্মিজনে লৰচৰ নকৰিলে কিন্তু তাৰ চোলাটোত নেমুৰ দাগ লাগি গ'লা

কেপ্টেইন- চাবাচ! এই ৫০ টকা লোৱা, চাবোন কিনি চোলাটো ধুই লবা
আৰ্মি- আৰু ৫০ টকা দিয়ক ছাৰ, পেণ্টটোও ধুব লাগিব!

Auto riksha

পাণবজাৰ বাছ ষ্টপত যাত্ৰী এজনে ৰাস্তাৰে গৈ থকা অটোৰিক্সা এখন দেখি হাত দাঙিলে,
অটোৰিক্সা খন মানুহজনৰ কাষ চাপি আহিল।
যাত্ৰী- হেৰা, কামাখ্যা মন্দিৰলৈ যাবা নেকি?
অটো চালক- হয় যাম।
যাত্ৰী- ঠিক আছে, উভতি আহোতে মোৰ কাৰণে অলপ প্ৰসাদ লৈ আহিবাছোন ।

ঠিকাদাৰৰ পুতেক

ঠিকাদাৰৰ ৪বছৰীয়া পুতেক : দেউতা মোক এজনী ভন্টি লাগে !
ঠিকাদাৰ বাপেক :কিয় ?
পুতেক: মোৰ খেলিবলৈ লগ নাই মোক খেলিবলৈ লগৰীয়া ভন্টি এজনী লাগে ।
ঠিকাদাৰ বাপেক : ঠিক আছে বাবা মই তোমাক ভন্টি এজনী আনি দিম ! এতিয়া পঢ়ি থাকা বাবাটো !
পুতেক : নহয় মোক এতিয়াই এসপ্তাহৰ ভিতৰত লাগে !
ঠিকাদাৰ বাপেক : নহয় বাবা এনেকে ইমান সোনকালে নোৱাৰি নহয় !
পুতেক: কিয় ?
ঠিকাদাৰ বাপেক : তুমি নুবুজিবা বাবা সৰু হৈ আছা ! ইয়াৰ কাৰনে কমেওঁ ১২ মাহ লাগিব !
পুতেক :কিয় কিয় এতিয়াই কিয় নহয় ?
ঠিকাদাৰ বাপেক (খঙেৰে) : ঐ গৰু পিতন খাবি এতিয়া কৈ দিছো ! পঢ়ি থাক বুলিছো ! এয়া অসম্ভব ॥

পুতেক :মই গৰু তেনে আপুনি কি ? কিহৰ ঠিকাদাৰ আপুনি ? দৰকাৰ হলে আজিৰ পৰাই ২০/২৫ টা মানুহ লগাই দিয়ক , এতিয়াৰ পৰাই কাম আৰম্ভ কৰি দিয়ক , মুঠতে মোক ভন্টি এজনী লাগে অহা সপ্তাহত !!!