Monday, October 14, 2013

তিনিবছৰীয়া কণমানিটোৰ লগত বৰুৱা আজি ঘৰত অকলে। বৰুৱানী গৈছে মহিলা ক্লাৱটোৰ লগত প্ৰতিমা বিসৰ্জন চাবলৈ।
সন্ধিয়া টোপনিৰপৰা উঠি পুত্ৰই চিঞৰ-বাখৰ লগালে খেলিবলৈ। বৰুৱাই আকৌ এই খেল-চেল ভাল নাপায়। তেওঁ কণমানিটোক ক'লে, "বাবা, আমি চাহ কৰা, চাহ খোৱা খেলিম দেই"।
সিদিনা পূজাত বৰুৱাই তাক প্লাষ্টিকৰ 'টি ছেট' এটা কিনি দিছে। কেটলী, কাপ-প্লেট সকলো আছে। সেইদিনাৰপৰা কণমানিটো সেই 'টি ছেট'ৰ লগতে ব্যস্ত। সি সেইটো উলিয়াই আপোন পাহৰা হ'ল।
বৰুৱাইও ড্ৰয়িং ৰুমত বহি একান্তমনে টিভিত নিউজ চোৱাত লাগিল।
অলপ পিছত পুত্ৰই কাপ এটাত অলপ পানী লৈ আহি বৰুৱাক দিলে -"দেতা, দেতা...চাহ"।
বৰুৱাই লাহে লাহে গোটেই পানীখিনি খাই ক'লে -"আস্ ইম্মান যে 'টেষ্টি' চাহ কৰিছা! তোমাৰ মায়ো নোৱাৰে, জানা। মই আৰু খাম দেই একাপ"। ফূৰ্তিতে ক'ব নোৱাৰা হ'ল কণমানিটো! সি আকৌ চাহ কৰিবলৈ ভিতৰলৈ লৰ মাৰিলে। এনেকৈ দুঘন্টাত বৰুৱাই তাৰ হাতৰ ছয় কাপ চাহ খালে। কিছুদেৰি পিছত বৰুৱানী আহিল।
"ই দিগদাৰ কৰিছে নেকি বাৰু? আছে নে ঠিক-ঠাক?"
"কি দিগদাৰ কৰিব? সৰু ল'ৰা-ছোৱালীক কেনেকৈ চলাব লাগে আমি ভালকৈ জানোঁ, বুজিছা! বুদ্ধি লাগিব মাত্ৰ অলপ। ইহঁতৰ লগত কেনেকুৱা খেল খেলি ব্যস্ত কৰি ৰাখিব লাগে, তোমালোকে একোৱেই নাজানা..আমি জানোঁ" - বৰুৱাই সাফল্যৰ হাঁহি এটা মাৰি কণমানি পু্ত্ৰক আকৌ একাপ চাহ আনিবলৈ চিঞৰিলে। সি অলপপৰ পিছত ভিতৰৰপৰা পানী একাপ লৈ আহিল। বৰুৱাই পত্নীলৈ চাই হাঁহি এটা মাৰি পি খালে পানী কাপ। এইবাৰ বৰুৱানী ভিতৰলৈ সোমাই গ'ল। দৌৰি ওলাই আহি বৰুৱানীয়ে চিঞৰিলে-"তুমিতো সকলো জানা, বিৰাট বুধিয়ক! কিন্তু এইটো ভাবি চাইছা নে যে সি আমাৰ ঘৰৰ এটাও পানীৰ টেপ, পানীৰ বটল ৰখা এখনো মেজ হাতেৰে ঢুকি নাপায়...সি মাত্ৰ ঢুকি পায় আমাৰ টয়লেটৰ ক'মোডটো!! হুহ.. বিৰাট টেষ্টি?....আৰু খোৱা!!" 

No comments:

Post a Comment