Friday, August 23, 2013
Exam...
নগেন আৰু ভদৰামে পৰীক্ষা দি আছিলে।
প্রশ্নকাকত আছিলে বৈদ্য tough
নিৰীক্ষকজন আকৌ সাংঘাতিক কাঢ়া। কাকো নকল মাৰিবলৈ সুযোগ দিয়া নাই।
নগেন-ভদৰামে টুকলি উলিয়াব পৰানাই, কিয়নো নিৰীক্ষকে মিনিট মিনিটে পাক মাৰি আছে।
এনেতে নগেনে টুকলি এটা লৈ নিৰীক্ষকৰ হাতত দিলেগৈ। সেইটো পঢ়ি নিৰীক্ষকে চকীত গৈ যি বহিল আৰু নুঠিলেই!
গোটেই ক্লাছৰ লৰাবোৰে বিন্দাছ পৰীক্ষা দিলে। পৰীক্ষা শেষ হোৱাৰ পিছত
লৰাবোৰে আহি নগেনক চাবাচী দিলে..."তই ছাৰক কি যাদু কৰি অ", বহিল যে বহিয়েই
থাকিল!"
নগেন- মই টুকলি এটা লিখি ছাৰক দিলোঁ- "ছাৰ আপোনাৰ পেণ্টটো পিছফালে ফটা!"
Bagh
নগেন
আৰু হৰেন হাবিলৈ গৈছিল। কিবা কাৰণত দুয়োটাৰ মাজত তৰ্কা-তৰ্কি হ'ল। এনেতে
হঠাতে সন্মুখত বাঘ এটা ওলালহি। হৰেনে উপস্থিত বুদ্ধিৰে বাঘটোৰ চকুত এমুঠি
ধূলি মাৰি চিঞৰি উঠিল,
"… পলা…"
.
নগেন: (খং-এৰে ক'লে)
…মই কেলেই পলাম…??
…
…
…
তইহে বাঘটোৰ চকুত ধূলি মাৰিছিিল…!!
সোণৰ মোবাইল
খৰিকটীয়াৰ কাহিনীটো মনত আছে নে?
নদীৰ পাৰত কুঠাৰেৰে গছ কাতি থাকোঁতে যে কুঠাৰখন চিলিপ হৈ পৰি গৈছিল পানীৰ
মাজত? তাৰ পিছত জলদেৱী প্ৰকট হৈ প্ৰথমতে সোণৰ, ৰূপৰ কুঠাৰ দিওঁতেও যে
খৰিকটীয়াই মানা কৰি দি নিজৰ কুঠাৰখন হে খুজিছিল? আৰু তাকে দেখি খুচ হৈ
জলদেৱীয়ে গোটেই তিনিটা কুঠাৰেই তেওঁক দি দিছিল?
দত্তৰো মনত আছে কাহিনীটো...
হ’ল কথাটো এনেকুৱা...
এদিন গোলাঘাটৰ পৰা বাদাম কিনিবলৈ দত্ত গুৱাহাটীলৈ আহিছিল| বাদাম কিনি
লোভতে অলপ বেছিকৈ গলিয়াই দিলে চাগে| লাগিল নহয়| মানে ২ নম্বৰটো... |
বিচাৰি বিচাৰি এখন সুলভ শৌচালয় পালেগৈ|
দৌৰ মাৰি ভিতৰত বহি আমেজ লৈ থাকোঁতেই আহিল নহয় কাৰোবাৰ ফোন... ফোনটো
ৰিচিভ কৰিবলৈ লওঁতেই চিলিপ হৈ ফোন চিধা একেবাৰে মেইন জেগাতে পৰিল|
মাত্ৰ ৪ দিনৰ আগতে ১২, ০০০ টকা দি কিনা ফোন... বৰ হেঁপাহত কিনিছিল দত্তই
ফোনটো, অসমীয়া লিখিবও পাৰি ফোনটোত, গেম খেলিবও পাৰি, দুখন চিম ভৰাবও পাৰি,
ধেৰ কনটেক্ট নাম্বাৰো আছে...
তাকে ভাবি ভাবি দুখতে দত্তৰ সেইভাগেই চকুপানী ওলাবলৈ ধৰিলে| চকুপানী কি, কান্দোনেই ওলাই আহিল....
দত্তৰ দুখ সহিব নোৱাৰি টয়লেট-দেৱী প্ৰকট হ’ল নহয়... আহি তেওঁ দত্তক ফোন এটা আগবঢ়াই দিলে...
- "হোঁ ল’, নাকান্দিবি অ’ বাচা"
ফোনটোলৈ চাই দত্তই ক’লে- "মোক সোণৰ ফোন নালাগে দেৱী, মোক মোৰ আচল ফোনটোকেই উভোতাই দিয়ক না পিলিজ"
দেৱীয়ে ভেকাহি মাৰি ক’লে- "ধুৰ, এইটো তোৰেই ফোন হয়| সোণৰ নহয়| ভালকৈ ধুই ল’লে দেখিবি, সোণালী ৰংটো আঁতৰি গৈছে|"
দত্ত- "হি হি হি, থেংকিউ দেই"
Wednesday, July 31, 2013
kontilou
কণটিলাই
এইবাৰ সেনা বাহিনীৰ চাকৰিত যোগ দিলে। যেতিয়া তাৰ হাতত এ-কে ৪৭ তুলি দিয়া
হ'ল,তেতিয়া কণটিলাৰ মনত গর্বও জাগিল কিন্তু একে সময়তে অলপ খোকোজাও।
মনৰ খোকোজা দূৰ কৰিবৰ কাৰণে কণটিলাই মেজৰক সুধিলে এনেদৰে ----
কণটিলা:- ছাৰ বন্ধুকৰ নলীটো আগফালে ৰাখোনে নে মোৰ ফালে ৰাখোঁ???
মেজৰ:- যিফালে ৰাখ ৰাখ। লাভ দেশৰে হ'ব।।।।
।।।ৰাইজ দেখিলেনে, কণটিলাৰ দেশৰ গৌৰৱ।।।
Army Training
আৰ্মীৰ সাহসৰ পৰীক্ষা চলি আছে।
এজন আৰ্মিৰ মূৰত নেমু এটা থৈ কেপ্টেইনে নেমুটোক আতঁৰৰ পৰা গুলিয়ালে।
আৰ্মিজনে লৰচৰ নকৰিলে কিন্তু তাৰ চোলাটোত নেমুৰ দাগ লাগি গ'লা
কেপ্টেইন- চাবাচ! এই ৫০ টকা লোৱা, চাবোন কিনি চোলাটো ধুই লবা
আৰ্মি- আৰু ৫০ টকা দিয়ক ছাৰ, পেণ্টটোও ধুব লাগিব!
Auto riksha
পাণবজাৰ বাছ ষ্টপত যাত্ৰী এজনে ৰাস্তাৰে গৈ থকা অটোৰিক্সা এখন দেখি হাত দাঙিলে,
অটোৰিক্সা খন মানুহজনৰ কাষ চাপি আহিল।
যাত্ৰী- হেৰা, কামাখ্যা মন্দিৰলৈ যাবা নেকি?
অটো চালক- হয় যাম।
যাত্ৰী- ঠিক আছে, উভতি আহোতে মোৰ কাৰণে অলপ প্ৰসাদ লৈ আহিবাছোন ।
Subscribe to:
Posts (Atom)